19/04/2026
আজি দুদিনৰ আগত গুৱাহাটী ৰ পৰা ডিগবৈ অভিমুখে ট্ৰান্চপট কোম্পানীৰ মাল লৈ আমাৰ এখন গাড়ী ৰাওনা হল, যাওঁতে সাধাৰনতে যাত্ৰাত তেনেকুৱা বৰ বিশেষ অসুবিধা নাথাকে,গাড়ীৰ মাল খালি হোৱাৰ পাছত ড্ৰাইভাৰ ফোন আহিল দাদা কেচা তামোল আছে নগাওঁ লৈ লডটো লই লওঁ যিহেতু গুৱাহাটী যাবই লাগিব তেলৰ খৰচটোকে ওলাব মই ও লৈ লবলৈ কলো, কথামতেই কাম তামোল লডিং কৰি আহিয়েই অলপ দুৰৈত ডেকা সকলে গাড়ী ৰাখিলে বিহু চান্দা লাগে পাচঁ হাজাৰ ড্ৰাইভাৰ লগত কথা পাতি পোন্ধৰশ টকা লৈ ৰিচিপ দি গাড়ী এৰিদিলে, তাৰ পিছত ঠিক বিশ কিলমিটাৰ মান আহি আকৌ চান্দা এইবাৰ যেনিবা তিনিশ ললে, তাৰপিছত ড্ৰাইভাৰ ৰ ফোন দাদা এনেকে কি গাড়ী চলাব একো নাবাছে পকেটৰ পৰা হে যাব আৰু আগত কি বা হয়, মই কলো মৰান হয় আহা ইমান অসুবিধা হব নালাগে, লগেলগে গাড়ী লক্ষীবাৰী পথেৰে গাড়ী আগবাঢ়িলে এইবাৰ টিখাং পোৱাৰ লগে লগে আকৌ বিহু চান্দা সংগঠনৰ নাম লৈ পোন্ধৰ হাজাৰ টকা লাগে আৰু যদি নিদিএ তামোল দুইবেগ দিব লাগে,এনে পৰ্যায় পালেগৈ যে টিংখ থানাৰ অচি ধমেন্দ্ৰ বৰা ডাঙৰীয়া ক ফোন কৰি ঘটনাটো অৱগত কৰিব লগা হয়, অচি বৰা ডাঙৰীয়াই লগেলগে বিষয় টো মীমাংসা কৰিদিয়ে, যিহেতু বিহুৰ কথা লৰাকেইজনক একহাজাৰ টকা ড্ৰাইভাৰে দি বিদায় লয়, আচল কথা হল এনেদৰে জোৰজুলুম কৰি চান্দা সংগ্ৰহ কৰা সংস্কৃতি কেতিয়া বন্ধ হব, এই ক্ষেত্ৰত প্ৰশাসনৰ দৃষ্টি কঠোৰ হোৱাটো ভাল, চান্দা লওক কিন্তু ডিমান্ড কৰি নহয়, আজি বিহু বুলিএই নহয় আমি প্ৰায় পাওঁ , কিবা নহয় কিবা অনুষ্ঠান থাকিবই ,একো যদি নাথাকে চিঠি খেলৰ নামত হলেও দিব লাগিব , আমাৰ দৰে সাধাৰন খাতিখোৱা মানুহ খিনিয়ে এনে পৰিবেশত ব্যৱসায় কৰিব নোৱাৰে, এনেধৰন পৰিৱেশ কামনা নকৰো !!
CMO Assam