17/05/2023
গবিনে চকুৰ পানী মূচি উঠি অকলে অকলে কব ধৰিলে জুন তই যাত আছিলি, তুক বহুত বিছাৰিলো, কতো নাপালোঁ । সেই দিনা কলেজৰ পৰা আহি তোক বহুত বিছাৰিলো, তই মোৰ লগত একে লগে কলেজৰ পৰা আহিলে একো নহল হেঁতেন । গবিনে অকলে অকলে কব ধৰিলে যেন তাৰ ওচৰত কোনোবা বহি তাৰ কথা শুনি আছে । এতিয়া গবিনে ভাবিব ললে কলেজৰ হেই সোনালী দিন,১৫ বছৰ আগৰ কথা গবিন,জাবেড,কেন,ধনটি, ৰিয়া আৰু জুন সব একে লগে একে ক্লাছত পঢ়িছিল,বহুত ভাল বন্ধু আছিল,৬ জন । মেট্ৰিক পাছ কৰি ৬ জনে ভাবি লৈছিল হিহত সদায় এনেকৈ একে লগে থাকিব সিৰ দিন,ভাল বন্ধু হয় কিন্তু নিয়তিৰ খেল পিথক আছিল । প্ৰথম কলেজ অহাৰ পৰা ৬ জনে লগত থাকে লগত ক্লাছ কৰে আৰু লগত ঘৰত যাই। এনেকৈ কেইদিন মান পাৰ হোৱাৰ পাছত কলেজত চবৰে নতুন নতুন বন্ধু হল,তাৰে গবিনৰ লগত মনীকা বুলা ছোৱালী এজনী তাৰ ভাল বন্ধু হল । লাহে লাহে মনিকাও হিহঁতৰ লগত ভাল বন্ধু হল কিন্তু মণিকা গ্ৰুপ অট অহা কাৰণে জুনে কিন্তু অলপো ভাল পোৱা নাছিল ,কাৰণ মনিকা অকল গবিনৰ লগত থাকিব বিচাৰে আৰু গবিনৰ লগতে ঘূৰি ফুৰে, সেই কথা জুনে অলপু ভাল পোৱা নাছিল কাৰণ মনে মনে জুনে গবিনক ভাল পাইছিল অকল কব পৰা নাছিল । এদিন ছবে কলেজৰ কেনটিং বহি চাহ খাই থাকোতে এজন ছিনিয়ৰ ল'ৰা ২ জনে মনিকাক যুকুৱা কাৰণে গবিনৰ লগত ছিনিয়ৰ লগত কাজিয়া হৈছিল পাছত সেই কাজিয়া ছিনিয়ৰ আৰু যুনিয়াৰ মাজত বহুত ডাঙৰ কাজিয়া হৈছিল । মনিকা দেখাত চুলি দিখল ধুনীয়া চকু জুৰি তাতে কাজল লগাই আহে দেখাত সুন্ধৰ ৰূপেছৰি যেন লাগে । তাইক চাব কাৰণে কিমান ছিনিয়ৰ যুনীয়াৰ পাগল হৈ থাকে । সেইটো কাৰণেও চাগে জুনে তাইক ভাল নাপায়,অকল গবিনৰ লগত বন্ধু বুলি জুনে কথা পাতে । দেখাত জুনো বহুত ধুনীয়া তাই সহজ সৰল গাৱলীয়া ছোৱালী। সৰুৰে পৰা গবিন হঁতৰ লগতে খেলি ডাঙৰ হোৱা আৰু তাইৰ আন কোনো বন্ধু নাই । কলেজ চুটি হোৱা পাছত গবিন হতে মনিকাক এৰা পাছত,জুন আৰু গবিন একে লগে ঘৰত যাই,এদিন জুনে গবিনক প্ৰশ্ন কৰে," তই কি মনিকাক কি ভাল পাওঁ নিকি?" গবিন,"নাপাবও ইমান ধুনীয়া ছোৱালী থৰেনা মোৰ লগত পতিব ভাল বন্ধু হৈ থকা টো ভাল বুজিছ ।" জুন,"তাৰ মানে তাই যদি তোক প্ৰেম কোৰো বুলি কলে তই মানে তাইক ভাল পাবি।" গবিন," ভাল পাম চাগে তাতে কি হল কি কথাবোৰ ভাবি থাক তই।" সঁচাকে এদিন মনিকায়ে গবিনক প্ৰেমৰ প্ৰস্তাৱ দিছিল, গবিন আৰু মনিকা এতিয়া জুন হতৰ লগত ইমান নাথাকে,মাজে মাজে লগ মাত্ৰ কৰে,বেছি সময় দুই জন একে লগে থাকে । তাকে দেখি জাবেদ, কেন, ধনটি,ৰীয়া আৰু জুন বেলেকৈ থাকিব ললে। মাজে মাজে জুনে ৰীয়াৰ আগত মনৰ কথা কয় কান্দে । এনেকৈ ২ বছৰ পাৰ হোৱা পাছত এদিন কলেজত প্ৰগাম আছিল সেইদিনা জুনে গবিন মনৰ কথা সব কলে কাৰণ জুন আৰু গবিনৰ অবিহনে থাকিব নোৱাৰে কিন্তু গবিনে তাইৰ সঁচা প্ৰেম বুজি নাপালে । সেইদিনা জুনে গবিনক কৈছিল,"তই পাৰিলে আজি মোৰ লগতে যাবি বহুত দিন হল একে লগে নোযোৱা, আগত আৰু পাম নে নাপাও ।" গবিন," ঠিক আছে মই মনিকাক এৰি অহা পাছত একে লগে যাম বাৰু বুলি কৈ গবিন আঁতৰি গল। সেইদিনা গবিন আৰু মনিকা কলেজৰ কামত লাগি থকা কাৰণে দেৰি হল আৰু গবিনে জুনৰ কথা পাহৰি গল। মনিকাক এৰি অহা পাছত গবিনক জুনৰ কথা মনত পৰিল । হি দৰী দৰী কলেজ পালে তাত চবতে চালে তাই নাই,ঘৰত গল বুলি তাইৰ ঘৰত গল তাই তাতো নাই। গবিনে কেন জাবেড, ৰীয়া, ধন্টি সৱকে হুদিলে কিন্তু জুন নাই । বহুত দিন বহুত বছৰ তাইক বিচাৰিলে কিন্তু কতো তাইক পোৱা নগল, লগৰ বোৰে গবিনৰ কাৰণে তাই আজি নাই বুলি কব ললে। গবিনো তাকে ভাবি ভাবি দুখ কৰে তাৰ কাৰণে এইবোৰ হল । মনিকায়ে গবিনক ভুল বুজি এৰি থয় গল । তাৰ পাছত জুনৰ খবৰ নাই গবিনু এইবোৰ কথা পাহৰি কামত লাগিল সবে নিজৰ নিজৰ জীৱন চলাই গল ।