GOBIN

GOBIN Hi i am going to make very simple and extra ....video or ect

13/03/2025

এক..
"गाड़ी को देख, कैसी है नेक, अच्छा बुरा न देखे
सब हैं सवार, दुश्मन के यार, सबको चली ये लेके
जीना सिखा रही है, मरना सिखा रही है" কিশোৰ কুমাৰ পুৰণি গীতৰ কলি চলি আছে নয়নে বাছৰ শেষৰ চিটত বহি থিয় হৈ থকা দুই কলেজীয়া ছোৱালী আৰু এজন ল'ৰা জনক চাই আছে, সিহঁত নিজৰ কথাত ইমান মুগ্ধ হৈ আছিল যে বাছত থকা ইমান ঠেলা হেঁচা একোৱে পাতা পোৱা নাই । নয়নৰো নিজৰ কলেজীয়া দিনৰ কথা মনত পৰিল কেনেকৈ সিহঁতৰ লগৰ সমনিয়া কিমান যে কি কি ফুৰ্টি কৰিছিল,আজি সেই দিন নাই । আজি নিজৰ কৰ্ম জীৱন আৰু সাংসাৰিক জীৱনত ইমানে ব্যস্ত নিজৰ ঘৰৰ মানুহৰ খবৰ লবলৈ সময় নাই। অলপ দূৰ গৈ বাছ ৰল তাতে উঠিল এজনী মহিলা কুচত সৰু কেঁচুৱা লৈ উঠিছে বাছত বহিব চিট নাই,হেন্দিমেন নু কি কাৰণে বেচেৰি মহিলা জনিক কষ্ট দিব বাছত উঠালে,অলপ নয়নৰ খং উঠিছিল । সি নিজৰ চিটতে বহিব দিব খুজিছিল ঠিক সেইটো সময়ত মহিলা গৰাকীৰ উচৰতে থকা চিটত বহি থকা ছোৱালী জনীয়া আপুনি য়াতে বহক বুলি চিট এৰি দিলে সেই দৃশ্য চাই নয়নে মনে মনে ভাবিলে মানৱতা জীয়াই আছে মানুহৰ মাজত অথচ ওচৰতে থকা এজন ডেকা ল'ৰা জনে চিট এৰি দিয়া নাছিল । নয়নেও মনে মনে ভাবিলে সঁচাকয়ে কিশোৰ কুমাৰ গান মিলিছে, গাৰিয়ে ছবকে লৈ যায় ...

21/07/2024

মোবাইলৰ ফ্লাস জ্বলাই চাই দেখে একু নাই আচৰিত এতিয়া ইমান ডাঙৰ কে কোনোবা জাপ মৰা শব্দ শুনিছিল, শব্দ দুয়ো জনে শুনিলে আকৌ ভাবিলে মদৰ নিচা ধৰিছে বুলি ,দুয়ো জনক ভয়ো লাগিল কাৰণ গাঁৱৰ মানুহে কয় বুলে ৰাতি হেনো দলংত প্ৰায় ভূত ওলাই কিজানি বা আজি ভূতে ভয় খুৱাইছে নিকি । গজেনে তৰুণক ভয়ে ভয়ে শুদিলে,"অই তৰুণ কুমাৰীৰ ভূত ওলাই চে নিকি ?" তৰুণ,"হয় বে দলংৰ তলততো কোনো নাই আৰু পানীও লৰ চৰ একোয়ে কৰা নাই" অই গজেন নিচা টো ধৰা নাই আমাক ?" গজেন,"হয় চাগে বৈয় যাওঁগে,এনেও মোক ভয় লাগিছে"বুলি কয় গজেনে বাইক ষ্টাৰ্ত কৰি দুয়ো জন ঘৰলৈ ওলাল কিন্তু গজেনে দলংত উঠাৰ পৰা কিবা এটা হৈছে যেন অনুভৱ হৈ আছিল যেন পথাৰাৰ মাজত কোনোবাই তাক ৰিনিকি ৰিনিকী মতেৰে মাতি আছে সি শুনিব চেষ্টা কৰিছে কিন্তু শুনিব পৰা নাই,বাইক চলাই আহোঁতেও সি একে বস্তু অনুভব কৰি আছে কিন্তু মনে মনে ভাবিছে তাক নিচা ধৰিছে বুলি। কুমাৰী ভূত বহুত আগৰ ৰজা দিনৰ কথা আগতে যেতিয়া যাত একো নাছিল সেই দলংৰ ওচৰৰ নিছে কাষত থকা সৰু নদীৰ কাষত কুমাৰী বুলি এজনী ধুনীয়া ছোৱালী আছিল,দেউতাকে নদীত মাছ মাৰি জীৱন যাপন কৰিছিল,কুমাৰীৰ ঘৰত বাপেক আৰু তাই,মাক তাই সৰু হৈ থাকোঁতে অচিন বেমাৰে লৈ গল তেতিয়াৰ পৰা বাপেক য়ে ডাঙৰ দীঘল কৰিছিল । তাই যেতিয়া ডাঙৰ হল ৰাইজৰ মাজত তাইৰ সুন্দৰ শৰীৰ বাবে বহুত চৰ্চিত আছিল। তাইৰ সেই সুন্দৰ শৰীৰ তাইৰ মৃত্যুৰ কাৰণ হ'ল । ৰজাৰ সেনাপতিয়ে তাইক বিয়া পাতিব বিচাৰিছিল কিন্তু তাই সেই সেনাপতিৰ লগত বিয়া নোহোৱাৰ কাৰণে তাইৰ মিছা অপমান কৰি মাৰি পেলালে । তেতিয়াৰ পৰা বুলে সেই নদীৰ কাষত আৰু দলংত তাইক দেখা পায় বুলে গাঁৱৰ ৰাইজে কয়। গজেনে তৰুণ ঘৰ নমাই,লাহে লাহে বাইক চলাই ঘৰলৈ গল । ঘৰত সোমাই মোক হাত ধুই পাঘৰত গৈ ভন্তিয়ে বাঢ়ি থোৱা ভাত লৈ বহিল, ভাত খায় থাকোঁতে সি বাৰে বাৰে দলংত কোনোবাই তাক মাতি থকা অনুভবৰ ভাবি থাকিল তেনেতে ভন্টিয়ে মাত লগালে,"দাদা আজিও তোৰ ইমান দেৰি হল যে মা আৰু ভাইটী ভাত খায় শুই গল তোৰ বাট চাই থাকোঁতে, মইও ভাত খালো তই আহিবি বুলিয়ে হোৱা নাছিলোঁ।" গজেন,"হো অলপ কাম আছিল দেৰি হল জা তই শুই থাক মই ভাত খায় শুই থাকিম। "তেনে কোৱতে তাই শুব গল আৰু গজেনে ভাত খায় উঠি বিচনাত গৈ মোবাইল ফোন অলপ কিবা কিবি চাই থাকোঁতে সি আকৌ শুনিব পাই সেই একে ধৰণৰ অনুভব। সি উঠি বহি থাকিল ভয়ত নে নিচাত সি নিজেও কব পৰা নাই । ঠিক সেইটো সময়ত বাহিৰত..

20/07/2024

১.."ৰ'দৰ তাপ কিমান প্ৰখৰ দেউতা নামৰ গছ জোপাৰ ছাঁ নথকা জনে বুজে পৰিয়ালৰ বুজা যেতিয়া কান্ধত থকা জনে বুজে তাতে আকৌ ঘৰৰ ডাঙৰ ল'ৰা" কথা কৈ চকুৰ পানী পৰিল গজেনৰ, লগত বহি থকা তৰুনে গজেনৰ কান্ধত হাত দি কলে হব ভাই চব ঠিক হয় যাব হাতত মদৰ গিলাছ উঠাই ঘট ঘট কৈ খাই কলে আজি বহুত দেৰি হল আজি যাও বল..গজেনেও নিজৰ গিলাচৰ মদ শেষ কৰি চকু পানী মুচি বল বুলি কৈ দুই জন ওলাব ললে । গজেন আৰু তৰুণ ভাল বন্ধু অকল মদৰ টেবুলত নহয় সকলো ক্ষেত্ৰত দুই জন একে লগে থাকে । সৰুৰে পৰা দুই জনে একে লগে ডাঙৰ দীঘল হোৱা সেইটো কাৰণে দুই জনে দুই জনৰ সকলো কথা বুজি পায়। গজেনৰ ঘৰৰ অৱস্থা ভাল নহয়,সৰুতে দেউতা নোহোৱাৰ বাবে গজেনৰ ঘৰৰ সম্পূৰ্ণ দায়িত্ব নিজে লৈছিল ভাইটি ভন্টিৰ পঢ়া শুনা ঘৰৰ সকলোৰ লগত নিজৰ পঢ়াও, আজি সি নিজে যেন তেন পঢ়াৰ সৰুকে হলেও প্ৰাইভেট কোম্পানিত কাম কৰি আছে আৰু তৰুণ হল ভাল ঘৰৰ ল'ৰা ঘৰৰ এজন ল'ৰা ডাঙৰ চহৰত পঢ়িছে যদিও বাহিৰত কাম নকৰি মা দেউতাক চাব লাগে বুলি গজেনৰ লগতে একে লগে একে কোম্পানিত কাম কৰি আছে । গধূলি কেতিয়াবা দুজন এনেকৈ অলপ নিজৰ দুঃখ কষ্ট পাতল কৰিব বাবে অলপ মদৰ সহায় লৈ । মদৰ দোকানৰ পৰা ওলাই গজেনে বাইক ষ্টাৰ্ত কৰি তৰুণ বহিব কলে , দুইজনৰ দোকানৰ পৰা প্ৰায় আধা ঘণ্টা মান লাগে বায়পাছ ৰাস্তা হৈ দুই ফালে প্ৰকাণ্ড ডাঙৰ ডাঙৰ পথাৰ মাজত ৰাস্তা, ৰাতিপুৱা আৰু জোনাক নিশা ৰাস্তাৰে গলে এনে মন ভাল লাগি যায়। আগতে গজেন হেটি একে ৰাস্তাৰ মাজত থকা দলং ত বহি বহুতো কবিতা লিখে কেইবা আকৌ জোনাকী নিশা অকলে অকলে বহি কান্দে গজেনে। সেই ৰাস্তা,দলং আৰু গজেন হেতেৰ জোনাক নিশা বহুতো কাহিনী আছে । এতিয়া দুই জন বাইক চলাই আহি থাকোঁতে তৰুনে কলে দলংত ৰখাবি অলপ বহি যাম। কথা মতে কাম অলপ দূৰ গৈ গজেনে দলংত বাইক ৰখাই তৰুনে পকেটৰ চিগাৰেট উলিয়াই এটা গজেনক দি নিজে মুখত ভৰাই জ্বলাই হুপি লাইটাৰ গজেনক দিলে। গজেনেও চিগাৰেট জলাৱ নজলাৱ কে হাততেই ধৰি ৰৈ পথাৰ ফালে চাই থাকিল । ঠিক তেনে সময়ত দলংৰ তলত কোনোবাই জপংকে কোনোবাই জাপ মৰা শব্দ শুনিলে দুই জন চক খাই গল, লগে লগে দুই জন দলঙৰ ওপৰৰ পৰা তলত মোবাইলৰ ফ্লাস জ্বলাই চাই..

04/05/2024

দুপৰীয়া ভাত খাই থাকোতে ৰাজৰ মোবাইল বাজিল, তুলো নুতুলোকৈ মোবাইল ফুনটো ৰিচিপ কৰিলে, তাৰ পাছত সি খোৱা ভাত তেনেকৈ এৰি বাহিৰলৈ দৰ মাৰিল । কাৰণ আজি তাক লগ কৰিবৰ তাৰ বন্ধু আহিছে । ৰাজ আজি পাঁচ বছৰ ধৰি অৰুণাচলৰ ভিতৰুৱা অঞ্চলত এখন ৰেষ্টোৰেণ্টত কাম কৰি আছে,ঘৰৰ পৰা বহুত দূৰ চুবুৰীয়া দেশ ম্যানমাৰৰ নিছে কাষত লাগি থকা দুই পাহাৰৰ মাজেৰে নৈ বৈ যোৱা ৰেষ্টোৰেণ্টত এখনত কাম কৰি আছে । ৰেষ্টোৰেণ্টত প্ৰাকৃতিক ধুনীয়া মনু মুহা দিছ । চাৰিও ফালে প্ৰকৃতিৰ ইমান ধুনীয়া কৰি ৰাখিছে মানুহ মুগ্ধ হয় যায়। আজিৰ পৰা পাঁচ বছৰ আগত ৰাজে আহোঁতে ভাবিছিল মানুহে ইমান নিজান মানুহ দোকান হাট বজাৰ গাৰি বাস আধি নচলা জেগাত ৰেষ্টোৰেণ্ট খুলিলে কোনো আহিব । কিন্তু এতিয়া গম পাইছে মানুহে টকা, টেনচন, দুখৰ বুজা বেছি কঢ়িয়াই লয় ইয়াত শেষ কৰিব আহে । নিজৰ দুখৰ বুজা কমাই আকৌ নতুন কৈ বেছি দুখ কষ্ট আৰু টেনচনৰ বুজা লবলৈ সাজু হব আহে । কিছুমানে নিজৰ বন্ধু লৈ,কিছুমানে নিজৰ পৰিয়াল লৈ আকৌ কিছুমানে নিজৰ ভাল বন্ধু বান্ধৱী লৈ আহে । মুঠতে ৰাজে পাঁচ বছৰ চাকৰি কৰি গম পালে মানুহ যিমানে আধুনিক নহক কিয় সুখ বিচাৰি সদায় প্ৰকৃতিৰ ওচৰলৈ আহিব লাগে । আজি ইমান দিনৰ মূৰত নিজৰ বন্ধুক লগ পায় ৰাজে বহুতো কথা একে ঊষাশত শুদিলে কি কবৰ ? কত আহিচ ? ঘৰত কেনে ? নানা প্ৰশ্ন,এনেকৈ প্ৰশ্ন সুধি থাকোতে তাৰ নোমলৰ লগত কোনোবা ৰৈ আছে সি মনে নকৰিলে । ৰাজৰ চকু যোৱাৰ পাছত তাইৰ পিনে চাই সি মনে মনে ৰল আৰু নিজৰ লগৰ নুমলৰ চকুৰে সুধিলে কোন হৈ বুলি ।তাৰ পাছত নুমলে ৰাজক তাইৰ লগত চিনাকি কৰাই দিলে । নুমল," ৰাজ মোৰ বান্ধৱী ঝৰ্ণা।" ৰাজে হেণ্ড সেক মিলাই পৰিচয় হল । তাৰ পাছত সিহঁতক ৰেষ্টোৰেণ্টৰ বাহিৰৰ নদীৰ কাষত থকা কেভিনত বহিব দি পানী আনিব গল। ঝৰ্ণা তাই নুমোলৰ গাৰ্ল ফ্ৰণ্ড কিন্তু ঝৰ্ণাক চাই ৰাজৰ অনুভৱ হল যেন তাই নোমলক ভাল নাপায় কাৰণ ঝৰ্ণায়ে নুমলক ইমান ভালকে ব্যৱহাৰ কৰা নাই । তাইৰ চকুত প্ৰকৃতিৰ পৰিৱেশ উপভোগ কৰিব আহিছে কব গলে তাইও কিবা শান্তি বিচাৰি আহিছে । ঝৰ্ণায়ে কেভিনৰ বাহিৰত বহি পাহাৰৰ ফালে চাই চকু মুনি কিবা ভাবিছে ঠিক তেনে সময়তে তাইক কোনোবায়ে দূৰৰ পৰা মাতিছে...

16/09/2023

গবিনে বাহিৰত ওলাই দেখে জিতুৰ দেউতা। গবিনে থত মঠ খায়," শুদিলে দাদা কিবা কাম আছিল নিকি ?" জিতুৰ দেউতাকে কয়, নহয় মই জিতুক বিচাৰি আহিলো জিতু বুলে যাতে আছে ?" ভিতৰৰ পৰা জিতুয়ে মাত দিয়ে দেউতা মই যাতে আছো অলপ দেৰি কে যাম " জিতুৰ দেউতাকে, হব সোনকালে আহিবি বুলি কৈ গল ।" কিন্তু দেউতাক য়াত বিচাৰি কেনেকৈ আহিলে আৰু মই টো মাৰিব ওলাই আহিছিলো দেউতাক টো একো কোৱা নাছিলোঁ,কোনোবাই কলে চাগে মই য়াত আছো বুলি জিতুয়ে মনে মনে বহুত কথা ভাবিলে, তেনেতে মনোজে আকৌ শুদিলে," এতিয়া ক কথা কি হৈছিল নো " জিতু,"তই ভাবিছ মই বহুত ধনী দৰ্মাহ বহুত পাৱ বুলি, কিন্তু আচলতে দৰ্মাহ যিখিনি পাব সেইটো কেতিয়াবা ঘৰ চলিব নহয়।" আগতে দেউতায়ে ইমান কম টকাৰে ঘৰ চলি গৈছিল আৰু মোক পঢ়াৰ খৰসাউ দিছিল আৰু মই কেতিয়াবা কৰাত কাম কৰিলে তেতিয়া মই সেই কম টকাৰে নিজৰ কাৰণে চলিও থাকি গৈছিল । কিন্তু যেতিয়া ৫০০ টকাৰে চলি যাব পৰা মই বেংকত আহি ১০০০০ পাব ললো, মোৰ ঘৰ ধুনীয়া চলি টকা বহুত থাকি যায়, টকা বেছিকৈ থাকিলে মানুহৰ ইচ্ছা বাঢ়ি যায় সঁচা কথা, তেতিয়া মই লাগতীয়াল বস্তু কিনো মানুহক দেখাব কাৰণে গাৰি ও কিনিলো যেতিয়া খিৰসা বাঢ়ি গল মই লাহে লাহে ধাৰত দুবিব ললো, কেতিয়াবা যাৰ পৰা কেতিয়াবা তাৰ পৰা টকা ধাৰত লৈও, সঁচাকৈ নতুন ধনী অহংকাৰী বুলি এনে নকয় মইও বেছি টকা চুব পাই অহংকাৰী হৈছিলোঁ । আকৌ প্ৰাইভেট বেংকত কামোৰ বেছি ১২ মাহত ১ মাহ কাম বেয়া হলে গোটে বছৰ কথা শুনিব লগে,তাতে আকৌ এইটো মোৰ হিটো কৰ, ৰাতিপুৱা শুই উঠি মেনেজাৰৰ গালি,গোটে দিন টোত কাষ্টোমাৰৰ লগত যুগটো তৰ্ক কেতিয়াবা কাজিয়া । সঁচা কথা কব গলে প্ৰাইভেট বেংক বোৰে কৰ্মচাৰীক টকা বেছি দি দিনে ৰাতিয়ে পেচাৰ দিয়ে । মানসিক পেচাৰ কেতিয়াবা ইমান বেছি হৈ যায় নিজৰ ঘৰৰ ৰাস্তা পাহৰি যায়। এনেতে মনোজয়ে কলে, ইমান মানসিক কষ্ট হয় বিচৰা সেইটো কাৰণে বেংকৰ মানুহৰ অনবৰতে খং উঠি থাকে ন ভালকে কথা ও নাপাতে।

15/09/2023

নদীত জাপ দিয়া জনক গবিন আৰু মনোজে মিলি পাৰলৈ লৈ আহিলে । দুই জনে ফেফাই ফেফাই জাপ দিয়া জনক চাই, এই জনটো আমাৰ অকন কাইটি ল'ৰা জিতু, গবিনে লগে লগে দুই চৰ মাৰি সুধিলে তোৰ কিহৰ ইমান দুঃখ হৈছে অ তই যে নদীত জাঁপ দিছ, জিতুয়ে তেতিয়া কান্দি কান্দি কব ললে, ককাই তই মোক বাহিৰৰ পৰা যে ভাল দেখিছ,কিন্তু মই নিজে কেনেকৈ জীয়াই আছোঁ তই কি জানিবি ককাই । লগে লগে মনুজে কলে, তই টো ভাল বেংক অত চাকৰি কৰ,ভাল গাৰি লৈ ফুৰ,নতুন কে বিয়াও পতিলি ঘৰত চবৰে ভাল দেখো আচলতে তুৰ হৈছে কি বুজাই কচুন। জিতুয়ে কান্দি কান্দি আকৌ কব ললে," মনোজ দা মোক তই সদায় হাঁহি ফুৰ্তি কৰি থকা দেখ কিন্তু মোৰ মনৰ ভিতৰত বহুত চিন্তা বোজ লৈ ফুৰিচু, কলে ও কাক কম মোৰ মনৰ কথা মানুহে হাঁহিব । তেনেতে গবিনে কলে তোৰ সব কথা হুনিম আগতে তই ঘৰলৈ বল, ঘৰত গৈ ভালকৈ কাপোৰ কানি সলাই বহি কথা পাতিম, জিতুয়ে কলে নাই ককাই মই এনেকৈ ঘৰলৈ নাজাও তাতে আকৌ তহঁত লগত যাবি মোক ঘৰত কি বুলি কব । তেতিয়া মনুজে কলে , তই এতিয়া মোৰ ঘৰলৈ বল তাতে মোৰ কাপোৰ সলাই লবি তাতে বহি কথা পাতিম বল । তিনিও জন মনুজৰ ঘৰলৈ গল তাতে গবিন, জিতু দুই জনে কাপোৰ সলাই কথা পাতিব বহিলে ।
গবিনে জিতুক শুদিলে এতিয়া সব কথা কোচুন তোৰ এই অৱস্থা কেনেকৈ হল । তেতিয়া জিতুয়ে কব ললে, "ককাই মা দেউতায়ে বহুত কষ্টৰে মোক পঢ়াইয় শুনাই ডাঙৰ কৰিলে। হাতত টকা নাথাকিলেও মোক কিন্তু ভাল কলেজত নাম ভৰ্তি কৰাই দিছিল আৰু মইও ভাবিচিলো পঢ়ি ভাল চাকৰি লৈ মা দেউতাক বহুত সুখত থম,কিন্তু মই কি জানো আজি মোৰ এই অৱস্থা হব । গবিন কলে ,"তইটো পঢ়ি ভাল বেংকত চাকৰি পাইছ ঘৰতো ভালকৈ সুখত থৈছ ।" জিতুয়ে কলে" দাদা চাকৰি কলে নহব বহুত কষ্ট আছে মই কৰা চাকৰিত তাতে আকৌ প্ৰাইভেট বেংকৰ চাকৰি " কথা শুনি গবিনে লগে লগে কলে," অই জিতু প্ৰাইভেট মানে নো কি , আৰু আমি টো জানো বেংক অত চাকৰি কৰা মানে বহুত পঢ়া শুনা কৰা মানুহ বহুত পইচা পাই । মালিক মানুহ বুলিয়ে জানো । আকৌ তইও টো গড়ী লৈ ঘূৰি ফোৰ,চাকৰি কৰা আগত টো তহতৰ একো নাছিল । " জিতুয়ে গবিনৰ কথা শুনি মিচিকিয়াই হাঁহি আকৌ কব ললে," দাদা মই চৰকাৰি চাকৰি বিচাৰিছিলো কিন্তু মোৰ কি কপাল নাপালোঁ,তাতে আকৌ পঢ়া শেষ কৰিছোঁ চাকৰি নাই, ঠিক সেইটো সময়ত মোৰ লগত এজনে কলে বেংকত চাকৰি ওলাইচে তই এবাৰ ইণ্টাৰভিও মাৰি চা পাই যাব পাৰ, কথা মতে কাম বেংকত চাকৰি পালোঁ কিন্তু কামটো হল মানুহৰ ঘৰে ঘৰে গৈ টকা উঠোৱা । এক প্ৰকাৰৰ কাবলি,তাতো বহুত কথা আছে অকল পইচা উঠুৱা কাম নহয,আমাৰ মাহেকীয়া তাৰগেট থাকে । মানুহ বোৰে লোণ টো লৈয় লৈ কিন্তু টকা ঘুৰোৱা সময়ত বহানা চাব, অমুক হৈছে তামোল হৈছে। কি শুনিব লোণ লোৱা মানুহ বোৰে আমাক হাও দিয়ে সোনকালে মৰি যাব । আমাৰ ফোন আহিলে প্ৰথমে ধুনীয়া গালি দি আমাৰ ফোন ৰিচিভ কৰে কি কম ।" এনেতে বাহিৰত গবিনক কোনোবাই মাত লগাইছে ...

04/08/2023

জোনাক ৰাতি ৰাস্তাৰ দুই ফালে বিশাল ডাঙৰ ডাঙৰ পথাৰ ৰাস্তাৰ মাজে মাজে প্ৰায় ৰাতি ন মান বজাত গবিন আৰু মনোজ কথা পাতি পাতি গৈ আছে মনোজৰ এক হাতত চাইকেলৰ হেন্দেল আৰু এক হাতেৰে চিগাৰেটৰ জুতি লৈ লৈ দুই বন্ধু কথা পাতি গৈ আছে, গাওঁৰ ৰাস্তা নিজান ৰাস্তাত দুই জনৰ বাহিৰে কোনো নাই, গবিন আজি বহুত কাম হল চালা মিস্ত্ৰী জনে লগে নেৰে এই ৰদত অকণো বহিব সময় নাপালোঁ, কথাটো শুনি গবিনে কলে, মোৰো একে অৱস্থা কালি পৰা ইমানে কাম বাঢ়িছে অকণো জিৰণি লব সময় পোৱা নাই তাতে আকৌ ইমান গৰম দিনত,কালি মোক উপৰত কাম দিলে নকৰোঁ ৰদত । তাকে শুনি মনোজযে হুমনিয় কাঢ়ি কলে কি কবি ক আমাৰ জীৱনে এনেকুৱা লোকৰ গুলামি কৰোঁতে পাৰ হব, নহলে ঘৰ নচলে । এইনেকৈ দুই জন কথা পাতি আগ বাঢ়িল, অলপ দূৰ গৈ নদীৰ কাষৰ বাটেৰে দুইজন গৈ আছে,এনেতে নদীৰ ঘাটত কাৰোবাক বহি থকা যেন পায়, গবিনে মাত লগালে কোন হৈ অহ ? ইমান ৰাতি নদীত কি কৰিছ ? ইমান কওঁতে কোন আছিল জানো নদীত জাঁপ দিলে । গবিন আৰু মনোজ চিয়ৰ মাৰিলে যাব মাৰিলে অ কোন হৈ ৰ.....

04/06/2023

জীৱন কালত কি কি কৰিলোঁ কাৰ আলোচনা কাৰ সমালোচনা,কাৰোবাৰ ভাল কাৰোবাৰ বেয়া, কাক মাৰিলো কাক কি কৰিলোঁ আজি এই অন্তিম কালত সব ভুগিব লৈছোঁ বন্ধ কোঠালিত বিছনাত পৰি যদুৱে নিজৰ দুই পুত্ৰ বিক্ৰম আৰু বিক্ৰান্ত ক কৈ গৈছে । যদু আছিল এক সময়ৰ কাঠফলা কোম্পানীৰ চৰ্দাৰ আছিল,যিমান দুই এক সকলো ধৰণৰ গছৰ কুণ্ডা যদুৱে এক নম্বৰ কৰি বিক্ৰী কৰিছিল, যাৰ কথা ওপৰৰ মেনেজাৰ সকলোকে জানিছিল কিন্তু যদু সেইটো ঠাইৰ গুণ্ডা আছিল,যাৰ কাৰণে কোনেও একো কৰিব পৰা নাছিল । আনকি পুলিচও তাক একোডাল কৰিব পৰা নাছিল, কিন্তু এতিয়া বুঢ়া হল ল'ৰা দুই জন ভাল ভাল চাকৰি কৰে,কাৰণ যদুৱে যিমানে যি কৰিছিল কিন্তু ল'ৰা দুই জনক ভাল স্কুলত পঢ়াইছিল । সেইটো কাৰণে বিক্ৰম প্ৰাইভেট কোম্পানীত চাকৰি কৰে আৰু বিক্ৰন্ত কৰে চৰকাৰি চাকৰি চাকৰিয়াল । মৃত্যুৰ আজি শেষ হওঁ হওঁ অৱস্থাত যদুৱে নিজে কৰা পাপৰ কাহিনী কৈ গৈছে দুই ল'ৰা আগত কাৰণ আজি যদুৱে উপলব্ধি কৰিছে । যদু," আজিৰ পৰা প্ৰায় ৫০ বছৰ আগৰ কথা মই বিয়া পতা নাছিলোঁ, সেই সময়ত মই কুণ্ডা কাৰণে ঘন অৰণ্যৰত কাঠ ফলিব গৈছিলো, মোৰ লগত তাৰে লোকেল গাওঁৰ খামতি ল'ৰা চেং, কাঞ্চা, ৰমেন আৰু ৰাকেশ আছিল। চেং য়ে অৰণ্যৰ সব ৰাস্তা চিনিপাই,আৰু মই আৰু কাঞ্চায়ে কোন জোপা গছ কাটিলে কিমান দাম পাম তাৰে আমি সব জানো,কাৰণ কাঞ্চা আৰু মই সৰুৰে পৰা অৰণ্যত পাহাৰ আদিতে ঘূৰি ফুৰি ডাঙৰ হোৱা। জিদিনা আমি সকলো সেই অৰণ্যৰ কথা একো জনা নাছিলোঁ আমাক ৰমেন আৰু ৰাকেশয়ে মাতি আনিছিল,আমাক টকা লৈ মতলব আছিল । কিন্তু আমিও জনা নাছিলোঁ যে আগত আমাৰ কিমান বিপত ৰৈ আছে।"

01/06/2023

আজি আকৌ ১৫ বছৰ পাছত গবিনে জুনৰ মাত শুনিছে এই ঘন জংগলত মাজ ৰাতি তাইৰ লগত কথা পাতিছে । গবিন,"জুন তই সেইদিনা কত গলি তোক বহুত বিছাৰিলো, তোক বহুত মনত পেলালো,কিমান দিন তুৰ ঘৰত গৈ তই আহিবি বুলি বাট সাই থাকো। তই দিয়া ৰুমাল আজিও মই থৈছোঁ । মই তোৰ প্ৰেম বুজি নাপালোঁ, মোক মাফ কৰি দে জুন । মোক মাত দে জুন তোৰ লগত কথা নপথা কিমান বছৰ হল ।" তেতিয়া ঘন জংগলৰ মাজত থকা গবিনৰ সমুখত বগা কাপোৰ পিন্ধি চুলি দীঘল কৈ মেলি জুন ওলাই আহিল । দেখাত সৰ্গৰ পৰি যেন লাগিছিল । গবিনে চকু মেলি অলপ দেৰি তাইক সাই থাকিল আৰু চকুৰে চকু পানী বৈ গল । জুন মাত লগালে," অই গবিন ভালে আছ,তুলৈ বহুত মনত পৰে অই, সেইদিনা মই তুলৈ বহুত বাট চালু কিন্তু তই নাহিলি। সেই কাৰণে মই অকলে গুচি গলোঁ তাৰে সুযোগ পায় দুজন মান ল'ৰাবোৰে মোক গাৰিত তুলি লৈ এই জংগলত মাৰি পেলালে কিন্তু মইও হিহঁত ছবিকে মাৰি পেলালো এই জংগলত । গবিনে কথা শুনি কন্দিব ললে আৰু কান্দি কান্দি গবিন তাতে পৰি থাকিল । সাৰ পোৱাত গবিন হস্পিলৰ বিছনাত আৰু কাষত বহি আছে কেন গবিনৰ মানুহ জনি আৰু অফিচৰ সকলো । গবিন অলপ দেৰি ছবিকে থৰ লাগি সাই থাকিল আৰু চকুৰে চকু পানী বৈ গল। জাভেদও ওচৰত বহি আছিল, কেনে গবিনক সুধিলে কি হৈছিল গবিন তহঁতৰ । গবিনে মিছিকিয় হাঁহি হস্পিলৰ খিৰকি ফালে চাই কলে নুপৱা জনক আজি লগ পালোঁ বহুত কথা পতিলো বহুত হাঁহিলো । সবে গবিনক সাই থাকিল কিন্তু একো বুজি নাপালে...

17/05/2023

গবিনে চকুৰ পানী মূচি উঠি অকলে অকলে কব ধৰিলে জুন তই যাত আছিলি, তুক বহুত বিছাৰিলো, কতো নাপালোঁ । সেই দিনা কলেজৰ পৰা আহি তোক বহুত বিছাৰিলো, তই মোৰ লগত একে লগে কলেজৰ পৰা আহিলে একো নহল হেঁতেন । গবিনে অকলে অকলে কব ধৰিলে যেন তাৰ ওচৰত কোনোবা বহি তাৰ কথা শুনি আছে । এতিয়া গবিনে ভাবিব ললে কলেজৰ হেই সোনালী দিন,১৫ বছৰ আগৰ কথা গবিন,জাবেড,কেন,ধনটি, ৰিয়া আৰু জুন সব একে লগে একে ক্লাছত পঢ়িছিল,বহুত ভাল বন্ধু আছিল,৬ জন । মেট্ৰিক পাছ কৰি ৬ জনে ভাবি লৈছিল হিহত সদায় এনেকৈ একে লগে থাকিব সিৰ দিন,ভাল বন্ধু হয় কিন্তু নিয়তিৰ খেল পিথক আছিল । প্ৰথম কলেজ অহাৰ পৰা ৬ জনে লগত থাকে লগত ক্লাছ কৰে আৰু লগত ঘৰত যাই। এনেকৈ কেইদিন মান পাৰ হোৱাৰ পাছত কলেজত চবৰে নতুন নতুন বন্ধু হল,তাৰে গবিনৰ লগত মনীকা বুলা ছোৱালী এজনী তাৰ ভাল বন্ধু হল । লাহে লাহে মনিকাও হিহঁতৰ লগত ভাল বন্ধু হল কিন্তু মণিকা গ্ৰুপ অট অহা কাৰণে জুনে কিন্তু অলপো ভাল পোৱা নাছিল ,কাৰণ মনিকা অকল গবিনৰ লগত থাকিব বিচাৰে আৰু গবিনৰ লগতে ঘূৰি ফুৰে, সেই কথা জুনে অলপু ভাল পোৱা নাছিল কাৰণ মনে মনে জুনে গবিনক ভাল পাইছিল অকল কব পৰা নাছিল । এদিন ছবে কলেজৰ কেনটিং বহি চাহ খাই থাকোতে এজন ছিনিয়ৰ ল'ৰা ২ জনে মনিকাক যুকুৱা কাৰণে গবিনৰ লগত ছিনিয়ৰ লগত কাজিয়া হৈছিল পাছত সেই কাজিয়া ছিনিয়ৰ আৰু যুনিয়াৰ মাজত বহুত ডাঙৰ কাজিয়া হৈছিল । মনিকা দেখাত চুলি দিখল ধুনীয়া চকু জুৰি তাতে কাজল লগাই আহে দেখাত সুন্ধৰ ৰূপেছৰি যেন লাগে । তাইক চাব কাৰণে কিমান ছিনিয়ৰ যুনীয়াৰ পাগল হৈ থাকে । সেইটো কাৰণেও চাগে জুনে তাইক ভাল নাপায়,অকল গবিনৰ লগত বন্ধু বুলি জুনে কথা পাতে । দেখাত জুনো বহুত ধুনীয়া তাই সহজ সৰল গাৱলীয়া ছোৱালী। সৰুৰে পৰা গবিন হঁতৰ লগতে খেলি ডাঙৰ হোৱা আৰু তাইৰ আন কোনো বন্ধু নাই । কলেজ চুটি হোৱা পাছত গবিন হতে মনিকাক এৰা পাছত,জুন আৰু গবিন একে লগে ঘৰত যাই,এদিন জুনে গবিনক প্ৰশ্ন কৰে," তই কি মনিকাক কি ভাল পাওঁ নিকি?" গবিন,"নাপাবও ইমান ধুনীয়া ছোৱালী থৰেনা মোৰ লগত পতিব ভাল বন্ধু হৈ থকা টো ভাল বুজিছ ।" জুন,"তাৰ মানে তাই যদি তোক প্ৰেম কোৰো বুলি কলে তই মানে তাইক ভাল পাবি।" গবিন," ভাল পাম চাগে তাতে কি হল কি কথাবোৰ ভাবি থাক তই।" সঁচাকে এদিন মনিকায়ে গবিনক প্ৰেমৰ প্ৰস্তাৱ দিছিল, গবিন আৰু মনিকা এতিয়া জুন হতৰ লগত ইমান নাথাকে,মাজে মাজে লগ মাত্ৰ কৰে,বেছি সময় দুই জন একে লগে থাকে । তাকে দেখি জাবেদ, কেন, ধনটি,ৰীয়া আৰু জুন বেলেকৈ থাকিব ললে। মাজে মাজে জুনে ৰীয়াৰ আগত মনৰ কথা কয় কান্দে । এনেকৈ ২ বছৰ পাৰ হোৱা পাছত এদিন কলেজত প্ৰগাম আছিল সেইদিনা জুনে গবিন মনৰ কথা সব কলে কাৰণ জুন আৰু গবিনৰ অবিহনে থাকিব নোৱাৰে কিন্তু গবিনে তাইৰ সঁচা প্ৰেম বুজি নাপালে । সেইদিনা জুনে গবিনক কৈছিল,"তই পাৰিলে আজি মোৰ লগতে যাবি বহুত দিন হল একে লগে নোযোৱা, আগত আৰু পাম নে নাপাও ।" গবিন," ঠিক আছে মই মনিকাক এৰি অহা পাছত একে লগে যাম বাৰু বুলি কৈ গবিন আঁতৰি গল। সেইদিনা গবিন আৰু মনিকা কলেজৰ কামত লাগি থকা কাৰণে দেৰি হল আৰু গবিনে জুনৰ কথা পাহৰি গল। মনিকাক এৰি অহা পাছত গবিনক জুনৰ কথা মনত পৰিল । হি দৰী দৰী কলেজ পালে তাত চবতে চালে তাই নাই,ঘৰত গল বুলি তাইৰ ঘৰত গল তাই তাতো নাই। গবিনে কেন জাবেড, ৰীয়া, ধন্টি সৱকে হুদিলে কিন্তু জুন নাই । বহুত দিন বহুত বছৰ তাইক বিচাৰিলে কিন্তু কতো তাইক পোৱা নগল, লগৰ বোৰে গবিনৰ কাৰণে তাই আজি নাই বুলি কব ললে। গবিনো তাকে ভাবি ভাবি দুখ কৰে তাৰ কাৰণে এইবোৰ হল । মনিকায়ে গবিনক ভুল বুজি এৰি থয় গল । তাৰ পাছত জুনৰ খবৰ নাই গবিনু এইবোৰ কথা পাহৰি কামত লাগিল সবে নিজৰ নিজৰ জীৱন চলাই গল ।

13/05/2023

জাবেডে চিঞৰ মৰা লগে লগে গবিনে ঘূৰি চালে জাবেডক তম্বুৰ ভিতৰৰ পৰা কোনোবাই বাহিৰলৈ টানি লৈ গৈছে,কোনে টানিছে আন্ধাৰত একো দেখি পোৱা নাই । গবিনে জাবেডক ধৰিব কাৰণে হাত দিছিল কিন্তু তেতিয়া লৈকে জাবেডক টানি লৈয় গল, গবিনেও ভয়ত যোৰ যোৰ কে চিঞৰিব ধৰিলে আৰু এক প্ৰকাৰে কান্দিব ধৰিলে, গবিন বাহিৰত ওলাই চাব ললে কোনো নাই এতিয়া জাবেডৰ মতো নাই ,সম্পূৰ্ণ নিজান অকল গবিনে চিয়ৰিছে জাবেড জাবেড বুলি কিন্তু কাৰো একো মাত নাই । এতিয়া গবিন ভয়ত কপি তাতে বহি কান্দিব ধৰিলে । ঠিক সেইটো সময়ত তাক পিছফালে দি কোনোবাই মূৰত মৰা যেন লাগিল আৰু গবিন তাতে পৰি গল । ইফালে গবিন আৰু জাবেডৰ ঘৰৰ মানুহ চিন্তাত বহি আছে, গবিনৰ লগৰ কেন আৰু ৰিকি হেটি ৰাতিপুৱা ন হওঁতে ওলাই জাম বুলি প্লানিং বনালে, পুলিচকো খবৰ দিয়া হল যিহেতু কেনও পুলিচ হৈ চিন্তা নাই । এতিয়া প্ৰায় ৰাতি ১ বাজিল আৰু ২ ঘণ্টা পাছত হিহত গবিন আৰু জাবেডক বিচাৰি ওলাব কাৰণ ৰিকী হেতৰ ঘৰৰ পৰা সেইটো জংগল ৰাস্তা পাব প্ৰায় ২ ঘণ্টা মান লাগে। গবিনৰ চকু বন্ধ অকল ঊষা লৈ আছে একো খবৰ নাই হি কত পৰি আছে,তাক টোপনিত থকা যেন লাগিছে আৰু তাৰ কাণত কোনোবাই কৈছে" উঠ ঘৰ জাম বল যাতে শুই থাকিবি নিকি, মায়ে মাতিছে" গবিন হঠাৎ হাৰ পাই গল লগে লগে চাৰিও ফালে চকু ফুৰাই চাই কলে" কত এছ তই ইমান দিনে তুক দেখা নাই বুলি কয় শুক শুকাই কান্দিব ধৰিলে । যেন গবিনে বহুত পুৰণি কাৰোবাক দেখা যেন অনুভৱ কৰি চকুত চকু পানী কান্দিব ধৰিছে হি কত আছে কি হৈছে একো তাৰ মনত নাই এতিয়া ভয়ও নাই । উঠি হি জাবেডৰ কথাও পাহৰিলে যেন তাৰ চকুত কাৰোবাক হেৰাই পোৱা সুখৰ চকুৰ পানী...

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when GOBIN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GOBIN:

Share