01/12/2025
বিজেপি চৰকাৰত বঞ্চিত বঙালী; ২৬ৰ ভোটত ১৫ আসনত হিন্দু বঙালী প্ৰাৰ্থীৰ দাবী
বঙালী পৰিষদ অসমৰ হাইলাকান্দি শাখাৰ সভাপতি বিপ্লব পুৰকায়স্থয়ে অভিযোগ কৰে যে বিজেপি চৰকাৰৰ সময়ত হিন্দু বঙালীসকল চাকৰি, আচনি আৰু চৰকাৰী সুবিধাত বঞ্চিত হৈ আছে।
মন্ত্ৰী কৃষেন্দু পালে বঙালীৰ স্বার্থত কোনো মাত নোমেলাৰ কথাও তেওঁ উল্লেখ কৰে। নিযুক্তি পৰীক্ষাত হাইলাকান্দিত কেন্দ্ৰ নথকাৰ অভিযোগো তোলাই।
আহি থকা ২৬ৰ বিধানসভা নিৰ্বাচনত হাইলাকান্দি সহ অসমৰ ১৫ সমষ্টিত স্থানীয় হিন্দু বঙালী প্ৰাৰ্থীক বিজেপিৰ টিকেট দিয়াৰ দাবী জানাইছে বঙালী পৰিষদ।
দাবী নমানিলে—“যে দলে বঙালী হিন্দুক সন্মান দিব, আমিও সেই দলক সমর্থন কৰিম”—বুলি হুঁকাৰ প্ৰদান কৰে বিপ্লব পুৰকায়স্থয়ে।