28/04/2026
পুৰাণৰ মতে, বাবা ভোলানাথৰ বাসগৃহ হৈছে কেদাৰনাথ। কেইবামাহ ধৰি বন্ধ হৈ থকাৰ পিছত আজি "হৰ হৰ মহাদেৱ" ধ্বনিৰে মুকলি কৰা হৈছে কেদাৰনাথ ধামৰ মুখ্যদ্বাৰ।
আমাৰ অসমীয়াৰ জাতীয় জীৱনৰ ঐতিহ্যৰ প্ৰতীক "জাপি"ৰে সজাই তোলা হৈছে কেদাৰনাথ মন্দিৰক।
আজিৰ এই শুভক্ষণত ভগৱান শিৱৰ কৃপাৰে সকলোৰে জীৱনত শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধি বিৰাজ কৰক, তাকে কামনা কৰিছোঁ।