14/09/2026
●●●এনকাউণ্টাৰ●●●
(Share কৰিব)
‘এনকাউণ্টাৰ'...
এটা শব্দ, যিটো আজিকালি সততে শুনিবলৈ পোৱা যায়।
কোনো এজন ভয়ংকৰ অপৰাধী আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিলে, আৰক্ষীক আক্ৰমণ কৰিলে বা আৰক্ষীৰ জীৱনলৈ তাৎক্ষণিক বিপদ আহিলে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চলাবলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিৰ প্ৰয়োজনীয়তা আৰু আইনগত বৈধতাৰ সিদ্ধান্ত ঘটনাৰ তথ্য-প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰে।
কিন্তু প্ৰশ্নটো তাত নহয়।
প্ৰশ্নটো হ’ল...এনকাউণ্টাৰক লৈ আমি কিয় ইমান সহজে আনন্দিত হৈ পৰিছোঁ?
এজন মানুহে ভয়ংকৰ অপৰাধ কৰিছে বুলি অভিযোগ উঠিলেই আমি যেন আদালত, বিচাৰ, প্ৰমাণ আৰু আইনী প্ৰক্ৰিয়াৰ কথা পাহৰি যাওঁ। আৰক্ষীৰ গুলীত অপৰাধী নিহত হোৱাৰ খবৰ আহিলেই সামাজিক মাধ্যমত অভিনন্দনৰ বন্যা বয়। আৰক্ষীক নায়ক সজোৱা হয় আৰু বহুতে কয়—
“এনে মানুহক জীয়াই ৰাখি কি লাভ?”
কিন্তু এখন সভ্য সমাজত এই প্ৰশ্নটোও থাকিব লাগিব—অপৰাধীক শাস্তি দিয়াৰ অধিকাৰ কাৰ?
আৰক্ষীৰ দায়িত্ব অপৰাধীক গ্ৰেপ্তাৰ কৰা, তদন্ত কৰা, প্ৰমাণ সংগ্ৰহ কৰা আৰু গোচৰ আদালতলৈ লৈ যোৱা। কোনো ব্যক্তি দোষী নে নিৰ্দোষী আৰু দোষী হ’লে তেওঁক কি শাস্তি দিয়া হ’ব....সেই সিদ্ধান্ত আদালতৰ।
কাৰণ আৰক্ষীও মানুহ। তদন্তত ভুল হ’ব পাৰে, তথ্য ভুল হ’ব পাৰে, সাক্ষ্য ভুল হ’ব পাৰে। সন্দেহ আৰু অপৰাধ প্ৰমাণিত হোৱা একে কথা নহয়।
এবাৰ গুলী চলি জীৱন শেষ হৈ গ’লে ভুল শুধৰোৱাৰ কোনো সুযোগ নাথাকে।
আনহাতে, এজন অপৰাধীক জীয়াই ধৰি আদালতলৈ নিলে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ প্ৰমাণ কৰাৰ লগতে অপৰাধৰ আঁৰত আৰু কোন জড়িত, অপৰাধ কেনেকৈ সংঘটিত হৈছিল আৰু আন কোনো লোক জড়িত আছে নেকি...সেইবোৰো জানিব পৰা যায়। কিন্তু অভিযুক্তজনেই যদি তদন্ত সম্পূৰ্ণ হোৱাৰ আগতে নিহত হয়, বহু প্ৰশ্নৰ উত্তৰ চিৰদিনৰ বাবে হেৰাই যাব পাৰে।
আৰু এটা ডাঙৰ বিপদ আছে...ক্ষমতাৰ অপব্যৱহাৰ।
আজি যদি কোনো এজন ভয়ংকৰ অপৰাধীৰ বিৰুদ্ধে আইনসন্মত আত্মৰক্ষাৰ পৰিস্থিতিত গুলী চলাবলগীয়া হয়, সেয়া এক পৃথক বিষয়। কিন্তু কাইলৈ যদি ‘এনকাউণ্টাৰ’ক অপৰাধীৰ সহজ শাস্তিৰ পথ বুলি সমাজে গ্ৰহণ কৰি লয়, তেন্তে সেই প্ৰৱণতা বিপজ্জনক হৈ উঠিব পাৰে।
কাৰণ আইন কেতিয়াও মানুহৰ ব্যক্তিগত বিচাৰৰ ওপৰত চলিব নোৱাৰে।
আমি অপৰাধীৰ প্ৰতি কঠোৰ হ’বই লাগিব। ভুক্তভোগীৰ ন্যায় নিশ্চিত কৰিবই লাগিব। আৰক্ষীকো নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন দিব লাগিব।
কিন্তু আৰক্ষীক সমৰ্থন কৰা আৰু আৰক্ষীৰ প্ৰতিটো কাৰ্যক প্ৰশ্ন নকৰাকৈ সমৰ্থন কৰা...এই দুটা একে কথা নহয়।
আৰক্ষীৰ ওপৰত যিমান দায়িত্ব, সিমানেই জবাবদিহিতাও থাকিব লাগিব। তদন্ত নিৰপেক্ষ হ’ব লাগিব, প্ৰয়োজনীয় ক্ষেত্ৰত ঘটনাৰ স্বতন্ত্ৰ পৰীক্ষা হ’ব লাগিব আৰু কোনো নিৰ্দোষ মানুহ যাতে অন্যায়ৰ বলি নহয়, সেই নিশ্চয়তা থাকিব লাগিব।
কাৰণ আইন শক্তিশালী হোৱাৰ অৰ্থ এইটো নহয় যে আইন প্ৰয়োগ কৰা মানুহজনৰ হাতত সীমাহীন ক্ষমতা থাকিব। আইন শক্তিশালী মানে...আইন সকলোৰে বাবে সমান।
আজি আমি যিজনক ‘অপৰাধী’ বুলি ভাবি গুলীৰ ঘটনাত আনন্দিত হৈছোঁ, কাইলৈ একে ব্যৱস্থা যদি ভুল মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, তেতিয়া আমাৰ হাতত আফচোচৰ বাহিৰে একো নাথাকিব।
সেয়ে এনকাউণ্টাৰক লৈ অন্ধ সমৰ্থন বা অন্ধ বিৰোধিত...দুয়োটাই উচিত নহয়।
ঘটনাটো সঁচাকৈ কি হৈছিল, আত্মৰক্ষাৰ প্ৰয়োজন আছিল নেকি, গুলী চলোৱাটো আইনসন্মত আছিল নেকি...এই প্ৰশ্নবোৰৰ উত্তৰ তথ্য আৰু তদন্তৰ ওপৰত হ’ব লাগে, আবেগৰ ওপৰত নহয়।
অপৰাধীক ভয় কৰাবলৈ শক্তিশালী আইন লাগে।
আৰক্ষীক শক্তিশালী কৰিবলৈ জনতাৰ বিশ্বাস লাগে।
আৰু জনতাৰ বিশ্বাস অটুট ৰাখিবলৈ লাগে স্বচ্ছতা, ন্যায় আৰু জবাবদিহিতা।
অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁ। আৰক্ষীৰ ভাল কামক সন্মান কৰোঁ। কিন্তু ন্যায়ৰ নামত যাতে অন্যায়ৰ কোনো দুৱাৰ খুলি নাথাকে, সেই কথাও সমানে মনত ৰাখোঁ।
কাৰণ এখন সুস্থ সমাজৰ পৰিচয় এইটো নহয় যে তাত কিমানজন অপৰাধী গুলীত নিহত হৈছে।
এখন সুস্থ সমাজৰ পৰিচয় হ’ল...
"তাত আইন কিমান শক্তিশালী, ন্যায় কিমান নিৰপেক্ষ আৰু নিৰ্দোষ মানুহ কিমান সুৰক্ষিত ?■■■